Posts

বিদ্যালয়ৰ ইতিবৃত্ত

Image
  ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সোণোৱালী অতীতৰ এটি চমু অৱলোকন জ্ঞানপিপাসু মানুহৰ শিক্ষালাভৰ কঠিয়াতলী হ’ল প্ৰাথমিক বিদ্যালয়সমূহ। কাকজান দুলীয়া গাঁৱত অৱস্থিত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়খনো এই অঞ্চলৰ শিশুসকলৰ শিক্ষালাভৰ প্ৰাথমিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্মৰ বিষয়ে আমি যদি অৱলোকন কৰিবলৈ যাওঁ, তেনে তলত দিয়াৰ দৰে এক প্ৰতিবেদন লাভ কৰিম।         প্ৰতিষ্ঠাঃ চাওখাট ভৰলুৱা গাঁও আৰু কাকজান দুলীয়া গাঁও, এই দুয়োখন গাঁৱৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা লাভৰ সুবিধাৰ্থে দুয়োখন গাঁৱৰ সমন্বয়ত ১৮৫২ চনত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত বিদ্যালয়খন বৰ্তমানৰ চাওখাট ভৰলুৱা গাঁৱত অৱস্থিত আছিল। পিছৰ সময়ত বৃহত্তৰ এলেকাৰ কাকজান দুলীয়া গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা-যোৱাৰ দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫০ চনত সুকীয়াকৈ এই বিদ্যালয় বৰ্তমান স্থানত প্ৰতিষ্ঠা কৰা হয়।         ভূমিদাতাঃ বিদ্যালয়খন বৰ্তমান স্থানত আনি প্ৰতিষ্ঠা কৰিবলৈ এইখন গাঁৱৰে প্ৰয়াত দয়াৰাম বৰুৱাদেৱে প্ৰায় এক/ডেৰকঠা মাট...

বিদ্যালয় সংগীত

Image
  বিদ্যালয় সংগীত কথাঃ বিকাশ দিহিঙ্গীয়া, সহঃ শিক্ষক ৰচনাকালঃ জুন ২০২২     জ্ঞান পিপাসী আমি কণমানি সৰু সৰু উজ্জ্বল প্ৰাণ , আগুৱাই যাওঁ‌ হাতে হাত ধৰি গাই যাওঁ‌ একতাৰ গান।   পঢ়াশালি আমাৰ উপসনাৰ থলি পোহৰ বিচাৰি পাওঁ‌ , মনৰ কোঠালিৰ এন্ধাৰ আঁতৰাই জ্ঞানৰে বন্তি জ্বলাওঁ।   দেশৰ ধৰণি আমি কণমানি গাওঁ‌ৰ ভৱিষ্যত , বৰ মানুহ হৈ গাঁৱ কো জিলিকাম উজ্জ্বলিম জগতত।   বুকুত ৰাখি হাত কৰিছোঁ আজি পন , ভালকৈ পঢ়ি , নিকা কৰি ৰাখিম মন।   নজনাক জানিম , নুবুজাক বুজিম , গুৰুক কৰিম প্ৰণাম।   লক্ষ্য আমাৰ আকাশ চুৱাৰ আনিম সমাজলৈ নতুন জোৱাৰ।   আমাৰ পঢ়াশালি আমাৰ গৌৰৱ , বিশ্বৰ কোণে কোণে বিয়পিব ইয়াৰ সৌৰভ।   জয়তু আমাৰ জ্ঞানৰ আলয় ৭৩ নং দুলীয়া গা ওঁ প্ৰাথমিক বিদ্যালয়। আমাৰ আলয় , জ্ঞানৰ আলয় ৭৩ নং দুলীয়া গা ওঁ প্ৰাথমিক বিদ্যালয়।