বিদ্যালয়ৰ ইতিবৃত্ত
৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সোণোৱালী অতীতৰ এটি চমু অৱলোকন
জ্ঞানপিপাসু মানুহৰ শিক্ষালাভৰ কঠিয়াতলী হ’ল প্ৰাথমিক বিদ্যালয়সমূহ। কাকজান দুলীয়া গাঁৱত অৱস্থিত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়খনো এই অঞ্চলৰ শিশুসকলৰ শিক্ষালাভৰ প্ৰাথমিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্মৰ বিষয়ে আমি যদি অৱলোকন কৰিবলৈ যাওঁ, তেনে তলত দিয়াৰ দৰে এক প্ৰতিবেদন লাভ কৰিম।
প্ৰতিষ্ঠাঃ চাওখাট ভৰলুৱা গাঁও আৰু কাকজান দুলীয়া গাঁও, এই দুয়োখন গাঁৱৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা লাভৰ সুবিধাৰ্থে দুয়োখন গাঁৱৰ সমন্বয়ত ১৮৫২ চনত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত বিদ্যালয়খন বৰ্তমানৰ চাওখাট ভৰলুৱা গাঁৱত অৱস্থিত আছিল। পিছৰ সময়ত বৃহত্তৰ এলেকাৰ কাকজান দুলীয়া গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা-যোৱাৰ দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫০ চনত সুকীয়াকৈ এই বিদ্যালয় বৰ্তমান স্থানত প্ৰতিষ্ঠা কৰা হয়।
ভূমিদাতাঃ বিদ্যালয়খন বৰ্তমান স্থানত আনি প্ৰতিষ্ঠা কৰিবলৈ এইখন গাঁৱৰে প্ৰয়াত দয়াৰাম বৰুৱাদেৱে প্ৰায় এক/ডেৰকঠা মাটি দান সহায় কৰে। বিদ্যালয়ৰ পিছফালৰ প্ৰায় ১০ লোচা মাটি প্ৰয়াত পুনিৰাম বৰুৱাদেৱে দান কৰে।
শিক্ষক নিযুক্তিঃ প্ৰথমে প্ৰয়াত হৰিপদ কলিতাদেৱক প্ৰধান শিক্ষক হিচাপে নিযুক্তি দি এই বিদ্যালয়ৰ শিক্ষাদান কার্য আগবঢ়াই নিয়া হয়। আইদেউ দোলাকাষৰীয়া সেইসময়ত সহঃশিক্ষয়িত্ৰী হিচাপে নিয়োজিত আছিল।
গৃহ নির্মাণঃ প্রথমে বাঁহ-কাঠেৰে নিৰ্মাণ কৰা পনিয়লি বেৰৰ কেঁচা ঘৰটি পিছত ১৯৭৭-৭৮ চনত চৰকাৰী ১০,০০০/- টাকা অনুদানেৰে পকীকৰণ কৰা হয়। অৱশ্যে মাজতে ১৯৬৫-৬৬ চনত সেইসময়ৰ বিধায়ক তিলক গগৈদেৱে ৫০০/- টকা প্রদান কৰিছিল। প্ৰধান শিক্ষয়িত্ৰী শ্ৰীযুতা ৰেণু দত্ত বৰুৱা বাইদেউৰ দিনত বিদ্যালয়ৰ মজিয়া পকীকৰণ কৰা হয়।
প্ৰতিষ্ঠা কালৰ পৰা এতিয়ালৈ শিক্ষকসকলঃ এই বিদ্যালয়ৰ প্ৰধান শিক্ষকসকল ক্রমে ৺হৰিপদ কলিতা (১৯৫০-৫১), ৺চন্দ্ৰ নাথ গোস্বামী (১৮৫১-৬০), ৺দেউৰাম কলিতা (১৯৬১-৭৫), দেৱেন্দ্ৰ নাথ শইকীয়া (১৯৭৬-৯৮), ৰেণু দত্ত বৰুৱা (১৯৯৮-২০১০), নিবেদিতা দাস (২০১৭-২১), বিউটী বৰা (২০২১-বৰ্তমানলৈ)। সহশিক্ষকসকল — সত্যৱতী কলিতা, গোলাপ হাজৰিকা, খগেন হাজৰিকা, ৰীতামণি দত্ত, হেমচন্দ্র গোস্বামী, পুতুল বৰুৱা, অনন্ত বৰদলৈ, আইজনী বৰুৱা, ববিতা বৰ্মন, আদি।
পৰিচালনা সমিতিৰ সভাপতিসকলঃ প্রভাত চন্দ্ৰ গোস্বামী, গোলাপ বৰা, পূর্ণকান্ত দত্ত, খগেন বৰা, সমুদ্ৰ বৰুৱা, শ্ৰীযুত অতুল বৰা (বর্তমান)।
মাতৃগোটঃ এই বিদ্যালয়ত মাতৃগোটৰ ভূমিকা উল্লেখনীয় । বর্তমান মাতৃগোটৰ সভানেত্ৰী হ’ল থুনু ভূঞা আৰু সম্পাদিকা শ্ৰীযুতা ৰঞ্জুমণি শইকীয়া। মাতৃগোটৰ সদস্যসকল হ’ল — দীপা শৰ্মা বৰুৱা, নির্মলা বৰা, ৰেণু নেওগ, নিৰু শইকীয়া, দীপা বৰা, জ্যোতি বৰা, অৰুনিমা বৰুৱা, ৰূপা শইকীয়া আৰু ৰূপা বৰুৱা।
গুণোৎসৱঃ ২০১৭ চনৰ গুণোৎসৱত ৬২.৩%-ৰে ‘B’, ২০১৮ চনত ৮৮.৬৯%-ৰে ‘A+’ আৰু ২০২১ চনত ৮০.২%-ৰে ‘A’ গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়।
ছাত্ৰ-ছাত্রীৰ সফলতাঃ প্রয়াত দেউৰাম কলিতা ছাৰ প্ৰধান শিক্ষক হৈ থকা সময়ত লিলি শইকীয়ই প্রথম এই বিদ্যালয়ৰ পৰা প্ৰাথমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছত মুখ্যমন্ত্ৰীৰ মেধা সন্ধানী বৃত্তি পৰীক্ষাত ২০১২ চনত শ্ৰী মৃদুল শইকীয়া, মালাশ্রী নেওগ; ২০১৩ চনত পুলকা বৰা; ২০১৪ চনত কৃষ্ণকমল বৰুৱা; ২০১৫ চনত কঙ্কনা বৰা; ২০১৬ চনত জ্যোতিৰূপা শইকীয়াই কৃতিত্বাৰে উত্তীর্ণ হয়।
ইয়াৰ উপৰিও বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী পৰিস্মিতা বৰুৱাই পঞ্চম শ্ৰেণী পঢ়ি থাকোঁতে টাই-কোৱানডোত ____ ব্ৰঞ্জৰ পদক আৰু মিনাক্ষী বৰুৱাই চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে ____ লাভ কৰি বিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে।
৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয় সমগ্ৰ অসমৰ ভিতৰতে এখন জাকত জিকিলা বিদ্যালয় ৰূপে উজ্বলাই তুলিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ।

Comments
Post a Comment