বিদ্যালয় সংগীত

 

বিদ্যালয় সংগীত
কথাঃ বিকাশ দিহিঙ্গীয়া, সহঃ শিক্ষক
ৰচনাকালঃ জুন ২০২২




 

 

জ্ঞান পিপাসী আমি কণমানি

সৰু সৰু উজ্জ্বল প্ৰাণ,

আগুৱাই যাওঁ‌ হাতে হাত ধৰি

গাই যাওঁ‌ একতাৰ গান।

 

পঢ়াশালি আমাৰ উপসনাৰ থলি

পোহৰ বিচাৰি পাওঁ‌,

মনৰ কোঠালিৰ এন্ধাৰ আঁতৰাই

জ্ঞানৰে বন্তি জ্বলাওঁ।

 

দেশৰ ধৰণি আমি কণমানি

গাওঁ‌ৰ ভৱিষ্যত,

বৰ মানুহ হৈ গাঁৱকো জিলিকাম

উজ্জ্বলিম জগতত।

 

বুকুত ৰাখি হাত

কৰিছোঁ আজি পন,

ভালকৈ পঢ়ি, নিকা কৰি

ৰাখিম মন।

 

নজনাক জানিম,

নুবুজাক বুজিম,

গুৰুক কৰিম প্ৰণাম।

 

লক্ষ্য আমাৰ আকাশ চুৱাৰ

আনিম সমাজলৈ

নতুন জোৱাৰ।

 

আমাৰ পঢ়াশালি আমাৰ গৌৰৱ,

বিশ্বৰ কোণে কোণে বিয়পিব

ইয়াৰ সৌৰভ।

 

জয়তু আমাৰ জ্ঞানৰ আলয়

৭৩ নং দুলীয়া গাওঁ

প্ৰাথমিক বিদ্যালয়।

আমাৰ আলয়, জ্ঞানৰ আলয়

৭৩ নং দুলীয়া গাওঁ

প্ৰাথমিক বিদ্যালয়।

 



 

Comments

Popular posts from this blog

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ তথ্য

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা উদযাপন, ২০২৩