Posts

Showing posts with the label School History

বিদ্যালয়ৰ ইতিবৃত্ত

Image
  ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ সোণোৱালী অতীতৰ এটি চমু অৱলোকন জ্ঞানপিপাসু মানুহৰ শিক্ষালাভৰ কঠিয়াতলী হ’ল প্ৰাথমিক বিদ্যালয়সমূহ। কাকজান দুলীয়া গাঁৱত অৱস্থিত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়খনো এই অঞ্চলৰ শিশুসকলৰ শিক্ষালাভৰ প্ৰাথমিক অনুষ্ঠান। এই অনুষ্ঠানটোৰ জন্মৰ বিষয়ে আমি যদি অৱলোকন কৰিবলৈ যাওঁ, তেনে তলত দিয়াৰ দৰে এক প্ৰতিবেদন লাভ কৰিম।         প্ৰতিষ্ঠাঃ চাওখাট ভৰলুৱা গাঁও আৰু কাকজান দুলীয়া গাঁও, এই দুয়োখন গাঁৱৰ ল’ৰা-ছোৱালীৰ প্ৰাথমিক শিক্ষা লাভৰ সুবিধাৰ্থে দুয়োখন গাঁৱৰ সমন্বয়ত ১৮৫২ চনত ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা কৰা হৈছিল। সেই সময়ত বিদ্যালয়খন বৰ্তমানৰ চাওখাট ভৰলুৱা গাঁৱত অৱস্থিত আছিল। পিছৰ সময়ত বৃহত্তৰ এলেকাৰ কাকজান দুলীয়া গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিদ্যালয়লৈ অহা-যোৱাৰ দূৰত্বৰ প্ৰতি লক্ষ্য ৰাখি ১৯৫০ চনত সুকীয়াকৈ এই বিদ্যালয় বৰ্তমান স্থানত প্ৰতিষ্ঠা কৰা হয়।         ভূমিদাতাঃ বিদ্যালয়খন বৰ্তমান স্থানত আনি প্ৰতিষ্ঠা কৰিবলৈ এইখন গাঁৱৰে প্ৰয়াত দয়াৰাম বৰুৱাদেৱে প্ৰায় এক/ডেৰকঠা মাট...