Posts

Showing posts from January, 2023

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা উদযাপন, ২০২৩

Image
       ২৬ জানুৱাৰী ২০২৩ ত গণতন্ত্ৰ দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়৷ উপস্থিত জেষ্ঠসকলে ছাত্ৰ-ছাত্ৰীক গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পাছত সৰস্বতী পূজা উপলক্ষে তেওঁলোকে বিদ্যালয়ত ধূপ জ্বলায় আৰু তাৰপিছতে ছাত্ৰ-ছাত্ৰীক কিতাপৰ অৰ্চন কৰিবলৈ দিয়া হয়৷      সাধাৰণতে দেখা যায় সৰস্বতী পূজা বুলি শিশুক মূৰ্তি, ফটো আদিত দক্ষিণা দি সেৱা কৰিবলৈ শিকোৱা হয়৷ আমাৰ বিদ্যালয়ে তাৰ বিপৰীতে প্ৰকৃত সৰস্বতী য'ত বিৰাজমান হয় সেই 'কিতাপ'সমূহক ভালপাবলৈ শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰে৷ ভক্তিভাব থাকিলে সমীহ কৰা যায়, কিন্তু যদি প্ৰেম ভাব থাকে তেনে হৃদয়ংগম কৰিবলৈ সহজ হয়৷ গতিকে সৰস্বতী পূজা বেলেগ ধৰণে কৰাতকৈ কিতাপ পঢ়া, কিতাপৰ পৃষ্ঠা লুটিয়াবলৈ শিকা, পঢ়ি আনন্দ ল'বলৈ শিকা আদি ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰি শিশুক আৰু বেছি গ্ৰন্থমুখী কৰিবলৈ কিতাপ পঢ়াৰ এক কাৰ্যসূচী গ্ৰহণ কৰে৷      ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি কৰে৷ কবিতা আবৃত্তিৰ পিছত ২০ জানুৱাৰী ২০২৩ ত যোৰহাটৰ শ্ল'গান কেফেত অনুষ্ঠিত হোৱা কমিউনিটি ৰিৰ্ডিং ফেষ্টিভেলত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ আন ছাত্ৰ-ছা...

গ্ৰন্থাগাৰ - কিতাপৰ পৃথিৱী

Image
  বো ধি দ্ৰু ম গ্ৰন্থাগাৰৰ নীতি-নিয়ম   ১) কিতাপসমূহ এসপ্তাহৰ বাবে নিবলৈ দিয়া হয়। ২) প্ৰত্যেক শ্ৰেণীক বেলেগ বেলেগ বাৰত কিতাপ দিয়া হয়। শ্ৰেণী অনুযায়ী বাৰসমূহ তলত উল্লেখ কৰা হ’ল – সোমবাৰ – পঞ্চম শ্ৰেণী মঙ্গলবাৰ – চতুৰ্থ শ্ৰেণী বুধবাৰ – তৃতীয় শ্ৰেণী বৃহস্পতিবাৰ – দ্বিতীয় শ্ৰেণী শুক্ৰবাৰ – প্ৰথম শ্ৰেণী শনিবাৰ – ‘ক’ শ্ৰেণী    ৩) কিতাপ এখন পঢ়িবলৈ নিয়াৰ পিছত জমা দিবলৈ আহোঁতে লগত ‘মই পঢ়া কিতাপ’ শীৰ্ষকেৰে কিতাপখন পঢ়ি হোৱা অনুভৱ/শিকা কথা/ভাল লগা কথা বোৰ নাম, শ্ৰেণী আৰু ৰোল নং-ৰ সৈতে ৰচনাৰ দৰে এখন কাগজত লিখি আনি শিক্ষকক জমা দিব লাগিব। ৪) নিওতাই নিয়াৰ পিছত কিতাপখনৰ কোনো হানি-বিঘিনি হ’লে কিতাপৰ মূল্যটো ভৰিব লাগিব নতুবা কিতাপখন কিনি আনি দিব লাগিব। ৫) কিতাপ এখন কোনোৱে নিয়াৰ এসপ্তাহৰ পিছত গ্ৰন্থাগাৰত (পুথিভঁৰালত) জমা কৰিব লাগিব। তাৰপিছত হে অইন এগৰাকীয়ে কিতাপখন নিব পাৰিব। ৬) সময়মতে কিতাপ ঘূৰাই দিব নোৱাৰিলে উপযুক্ত কাৰণ দৰ্শাই আবেদন লিখি জনাব লাগিব নতুবা ৫ টকাকৈ জৰিমনা ভৰিব লাগিব।   গ্ৰন্থাগাৰত উপলব্ধ গ্ৰন্থসূচী - (নীলা আখৰত ক্লিক কৰি উপলব্ধ কিতা...

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ তথ্য

Image
  ৭৩ নং দুলীয়া গাঁও প্ৰাথমিক বিদ্যালয় স্থাপিতঃ    ১৯৫০ চন বিদ্যালয় ক’ডঃ    ১৮১৭০১১৫১০২ মধ্য যোৰহাট শিক্ষাখণ্ড, চিপাহীখোলা    বিউটী বৰা , সহঃ শিক্ষয়িত্ৰী অৰ্হতাঃ স্নাতক, ডি. এল. এড.     বুদ্ধিদীপ্ত দিহিঙ্গীয়া , সহঃশিক্ষক অৰ্হতাঃ বিজ্ঞান শাখাৰ স্নাতক, ডি. এল. এড.   হেমন্ত কুমাৰ দলে , প্ৰধান শিক্ষক অৰ্হতাঃ স্নাতক, ডি. এল. এড.