বিদ্যালয় সংগীত
বিদ্যালয় সংগীত কথাঃ বিকাশ দিহিঙ্গীয়া, সহঃ শিক্ষক ৰচনাকালঃ জুন ২০২২ জ্ঞান পিপাসী আমি কণমানি সৰু সৰু উজ্জ্বল প্ৰাণ , আগুৱাই যাওঁ হাতে হাত ধৰি গাই যাওঁ একতাৰ গান। পঢ়াশালি আমাৰ উপসনাৰ থলি পোহৰ বিচাৰি পাওঁ , মনৰ কোঠালিৰ এন্ধাৰ আঁতৰাই জ্ঞানৰে বন্তি জ্বলাওঁ। দেশৰ ধৰণি আমি কণমানি গাওঁৰ ভৱিষ্যত , বৰ মানুহ হৈ গাঁৱ কো জিলিকাম উজ্জ্বলিম জগতত। বুকুত ৰাখি হাত কৰিছোঁ আজি পন , ভালকৈ পঢ়ি , নিকা কৰি ৰাখিম মন। নজনাক জানিম , নুবুজাক বুজিম , গুৰুক কৰিম প্ৰণাম। লক্ষ্য আমাৰ আকাশ চুৱাৰ আনিম সমাজলৈ নতুন জোৱাৰ। আমাৰ পঢ়াশালি আমাৰ গৌৰৱ , বিশ্বৰ কোণে কোণে বিয়পিব ইয়াৰ সৌৰভ। জয়তু আমাৰ জ্ঞানৰ আলয় ৭৩ নং দুলীয়া গা ওঁ প্ৰাথমিক বিদ্যালয়। আমাৰ আলয় , জ্ঞানৰ আলয় ৭৩ নং দুলীয়া গা ওঁ প্ৰাথমিক বিদ্যালয়।