Posts

Showing posts with the label বিদ্যালয় বাৰ্তা

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা উদযাপন, ২০২৩

Image
       ২৬ জানুৱাৰী ২০২৩ ত গণতন্ত্ৰ দিৱস উপলক্ষে পতাকা উত্তোলন কৰা হয়৷ উপস্থিত জেষ্ঠসকলে ছাত্ৰ-ছাত্ৰীক গণতন্ত্ৰ দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পাছত সৰস্বতী পূজা উপলক্ষে তেওঁলোকে বিদ্যালয়ত ধূপ জ্বলায় আৰু তাৰপিছতে ছাত্ৰ-ছাত্ৰীক কিতাপৰ অৰ্চন কৰিবলৈ দিয়া হয়৷      সাধাৰণতে দেখা যায় সৰস্বতী পূজা বুলি শিশুক মূৰ্তি, ফটো আদিত দক্ষিণা দি সেৱা কৰিবলৈ শিকোৱা হয়৷ আমাৰ বিদ্যালয়ে তাৰ বিপৰীতে প্ৰকৃত সৰস্বতী য'ত বিৰাজমান হয় সেই 'কিতাপ'সমূহক ভালপাবলৈ শিকোৱাৰ পদক্ষেপ গ্ৰহণ কৰে৷ ভক্তিভাব থাকিলে সমীহ কৰা যায়, কিন্তু যদি প্ৰেম ভাব থাকে তেনে হৃদয়ংগম কৰিবলৈ সহজ হয়৷ গতিকে সৰস্বতী পূজা বেলেগ ধৰণে কৰাতকৈ কিতাপ পঢ়া, কিতাপৰ পৃষ্ঠা লুটিয়াবলৈ শিকা, পঢ়ি আনন্দ ল'বলৈ শিকা আদি ক্ষেত্ৰক অগ্ৰাধিকাৰ প্ৰদান কৰি শিশুক আৰু বেছি গ্ৰন্থমুখী কৰিবলৈ কিতাপ পঢ়াৰ এক কাৰ্যসূচী গ্ৰহণ কৰে৷      ইয়াৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কবিতা আবৃত্তি কৰে৷ কবিতা আবৃত্তিৰ পিছত ২০ জানুৱাৰী ২০২৩ ত যোৰহাটৰ শ্ল'গান কেফেত অনুষ্ঠিত হোৱা কমিউনিটি ৰিৰ্ডিং ফেষ্টিভেলত অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ আন ছাত্ৰ-ছা...