গ্ৰন্থাগাৰ - কিতাপৰ পৃথিৱী

 

বোধিদ্ৰু

গ্ৰন্থাগাৰৰ নীতি-নিয়ম

 

১) কিতাপসমূহ এসপ্তাহৰ বাবে নিবলৈ দিয়া হয়।
২) প্ৰত্যেক শ্ৰেণীক বেলেগ বেলেগ বাৰত কিতাপ দিয়া হয়। শ্ৰেণী অনুযায়ী বাৰসমূহ তলত উল্লেখ কৰা হ’ল –
সোমবাৰ – পঞ্চম শ্ৰেণী
মঙ্গলবাৰ – চতুৰ্থ শ্ৰেণী
বুধবাৰ – তৃতীয় শ্ৰেণী
বৃহস্পতিবাৰ – দ্বিতীয় শ্ৰেণী
শুক্ৰবাৰ – প্ৰথম শ্ৰেণী
শনিবাৰ – ‘ক’ শ্ৰেণী
 
 ৩) কিতাপ এখন পঢ়িবলৈ নিয়াৰ পিছত জমা দিবলৈ আহোঁতে লগত ‘মই পঢ়া কিতাপ’ শীৰ্ষকেৰে কিতাপখন পঢ়ি হোৱা অনুভৱ/শিকা কথা/ভাল লগা কথাবোৰ নাম, শ্ৰেণী আৰু ৰোল নং-ৰ সৈতে ৰচনাৰ দৰে এখন কাগজত লিখি আনি শিক্ষকক জমা দিব লাগিব।
৪) নিওতাই নিয়াৰ পিছত কিতাপখনৰ কোনো হানি-বিঘিনি হ’লে কিতাপৰ মূল্যটো ভৰিব লাগিব নতুবা কিতাপখন কিনি আনি দিব লাগিব।

৫) কিতাপ এখন কোনোৱে নিয়াৰ এসপ্তাহৰ পিছত গ্ৰন্থাগাৰত (পুথিভঁৰালত) জমা কৰিব লাগিব। তাৰপিছত হে অইন এগৰাকীয়ে কিতাপখন নিব পাৰিব।
৬) সময়মতে কিতাপ ঘূৰাই দিব নোৱাৰিলে উপযুক্ত কাৰণ দৰ্শাই আবেদন লিখি জনাব লাগিব নতুবা ৫ টকাকৈ জৰিমনা ভৰিব লাগিব।

  গ্ৰন্থাগাৰত উপলব্ধ গ্ৰন্থসূচী - (নীলা আখৰত ক্লিক কৰি উপলব্ধ কিতাপৰ তালিকাখন চাব পাৰিব)

Comments

Popular posts from this blog

গণতন্ত্ৰ দিৱস আৰু সৰস্বতী পূজা উদযাপন, ২০২৩

বিদ্যালয় সংগীত

বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰীৰ তথ্য